আন্ত-ৰাষ্ট্ৰীয়ভাল খবৰশীৰ্ষ

আৱৰ্জনাৰ মাজত সোণৰ সন্ধান

অস্ট্ৰেলিয়া, চেইণ্ট ফ্ৰান্স আৰু চুইডেনত এই অভিনৱ পন্থা অৱলম্বন

বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে প্ৰদূষণ। আৰু ই দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূলতে হল জনসাধাৰণৰ অসচেতনতা। যাৰ ফলত ইয়াৰ বিৰূপ প্ৰভাৱ এতিয়া সমগ্ৰ বিশ্ববাসীয়ে ভোগ কৰিবলগীয়া হৈছে। প্লাষ্টিক তথা ইয়াৰ ভয়াবহতাই এতিয়া সমগ্ৰ বিশ্ববাসীৰ লগতে পানীত থকা জীৱকুললৈকেও বিপদ নমাই আনিছে। এই কথা শেহতীয়াকৈ আগবঢ়োৱা এটি গৱেষণাত প্ৰমাণিত হৈছে। কিন্তু বিশ্বৰ তিনিখন দেশত আকৌ এই ভয়াবহতাৰ পৰা ৰক্ষা পাবলৈ বিশেষ পন্থা অৱলম্বন কৰিছে। দেশ কেইখন ক্ৰমে : অস্ট্ৰেলিয়া, চেইণ্ট ফ্ৰান্স আৰু চুইডেন ।

অস্ট্ৰেলিয়া: অস্ট্ৰেলিয়াৰ নৈসমূহৰ মূল অংশত নেট ফিল্টাৰ সন্নিবিষ্ট কৰা হৈছে। যত অনায়াসে জাবৰখিনি জমা হৈ পানীখিনি পৃথকে পৃথকে উলাই পৰে। বৰ্তমান লৈকে এই নেটৰ পৰা প্ৰায় ৮ টন জাবৰ সংগ্ৰহ কৰা হৈছে।চৰকাৰখনেও ইতিমধ্যে নৈসমূহত সাত লাখ টকাৰ নেট সংযোগ কৰিছে। যি অন্য প্ৰজেক্টৰ তুলনাত যথেষ্ট কম খৰচী বুলি জানিব পৰা গৈছে।

চেইণ্ট ফ্ৰান্স: আনহাতে চেইণ্ট ফ্ৰান্স চহৰখনকো “জিৰ’ ৱেস্ট” হিচাপে গঢ়ি তোলা হৈছে। ৰিকল’জী নামৰ এটি প্ৰতিষ্ঠানে সমগ্ৰ চহৰখনৰ জাবৰ নিষ্কাশনৰ দায়িত্ব গ্ৰহণ কৰিছে। চহৰখনৰ সমগ্ৰ জাবৰ এঠাইত জমা কৰা হয়। আৰু তাৰ পৰাই প্ৰতিস্থানটোৱে সংগ্ৰহ কৰি নিষ্কাশনৰ দায়িত্ব গ্ৰহন কৰে।এনেকৈয়ে চহৰখন নীট এন্ড ক্লিন কৰি ৰাখিছে প্ৰতিস্থানটোৱে।

চুইডেন: অন্য দুখন চহৰৰ সমান্তৰালকৈ চুইডেনতো একেই তথা বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হৈছে। যিয়ে এতিয়ালৈকে চহৰখনৰ ৪৪ লাখ টন জাবৰ নিষ্কাশন কৰিছে। এক বিশেষ পদ্ধতিৰ জৰিয়তে জাবৰসমূহ নিষ্কাশন কৰি ইয়াৰ পৰা বিজুলী, সাৰ আদি উৎপাদন কৰি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছে।

ওপৰৰ তিনিওখন চহৰৰ এই অভিনৱ পন্থা সচাই লেখতলবলগীয়া। যাৰ জৰিয়তে নিজ চহৰখনক প্ৰদূষণমুক্ত কৰাৰ লগতে বিজ্ঞানসন্মতভাবে জাবৰ নিষ্কাশন কৰি তাৰ পৰা উৎপাদিত সামগ্ৰীৰে নিজ দেশক আৰ্থিকভাবে টনকিয়াল কৰিছে। তেওঁলোকে প্ৰমাণ কৰিছে যে পেলনীয়া জাবৰৰ পৰাও সোণ পাব পাৰি। কিন্তু ইয়াৰ বাবে লাগিব মনত সদিচ্ছা, কৰ্মস্পৃহা আৰু একতা। এইকেইটা বস্তু থাকিলে সকলো সম্ভৱ। এই কথাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে তিনিওখন চহৰে। কিন্তু এই কাৰ্যসূচী আমাৰ ভাৰতবৰ্ষতো গ্ৰহন কৰা উচিত। এনেবোৰ ব্যৱস্থা নথকাৰ বাবেই হয়তো আমাৰ দেশত দিনক দিনে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আমাৰ চৰকাৰখনে বৰ্তমান সময়ত বহু অভিলাসী আচনি হাতত লৈছে যদিও সেয়া যথেষ্ট নহয়। এই ক্ষেত্ৰত চৰকাৰে যিমানেই আচনি গ্ৰহণ নকৰক কিয় আমিও সজাগ হোৱা উচিত। আমি সজাগ হলে আমাৰ দেশ ভাৰতকো অস্ট্ৰেলিয়া, চেইণ্ট ফ্ৰান্স, চুইডেনৰ শাৰীত একেলগে থিয় কৰোৱাৰ সমান্তৰালভাৱে সমগ্র বিশ্বৰ মাজতে জিলিকাই ৰাখিব পাৰিম ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close