বিশেষশীৰ্ষস্বাস্থ্য

আয়ুর্বেদৰ সহায়ত স্মৃতি শক্তি বৃদ্ধি

ডাঃ কমলকৃষ্ণ নাথ

এটা দৃঢ় তথা অনিন্দ্যসুন্দৰ মন প্রতিজন ব্যক্তিৰে কাম্য। এজোপা ফুল যিদৰে উপযুক্ত প্রতিপালনৰ অভাৱত মৰহি যাব পাৰে একেদৰে এটি অবিচলিত মনাে উপযুক্ত যত্নৰ অভাৱত নিষ্প্রাণ ৰূপ ল’ব পাৰে। আনহাতে স্মৰণশক্তি হৈছে এক শক্তিশালী আৰু প্রাণচাঞ্চল্য মনৰ আধাৰ। সেই স্মৃতিশক্তি সজীৱ কৰি ৰাখিবলৈ আমি সর্বাধিক চেষ্টা কৰা উচিত। | আধুনিক পৃথিৱীৰ মানুহৰ মাজত স্মৃতি শক্তি হ্রাস এক প্রধান সমস্যা হিচাপে দেখা দিছে। দেখা যায় ব্যক্তি শাৰীৰিকভাৱে ঠিকেই আছে কিন্তু স্মৃতিশক্তিৰ তাৰতম্যৰ বাবে বিভিন্ন দুর্দশাত পতিত হয়। সবাতােকৈ ডাঙৰ কথা আমাৰ বহুতৰে কম বয়সৰ পৰাই স্মৃতি শক্তি হ্রাসৰ বিভিন্ন লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত প্ৰথম অৱস্থাতে সতর্ক হােৱা আৰু তদানুৰূপ কার্য ব্যৱস্থা গ্রহণ অৱশ্যেয়ে কৰণীয়।আয়ুর্বেদত বুদ্ধি তথা জ্ঞান বর্ধক উপায়সমূহক মেধা বােলা হৈছে। মেধা অর্থাৎ শক্তি বর্ধক। এই ক্ষেত্ৰত সাত্ত্বিক মানসিক অৱস্থাৰ গুৰুত্ব অপৰিসীম। সত্ত্ব হৈছে মনৰ এক নির্ভেজাল স্বৰূপ যত স্মৃতি আৰু মেধা শক্তি সম্পন্ন মনে এক গভীৰ অনুদৃষ্টি লাভ কৰে। এই অৱস্থাত বাহ্যিক কাৰক সমূহে মন আৰু স্মৃতি শক্তিক সহজে অস্থিৰ কৰিব নােৱাৰে। সাত্ত্বিক গুণযুক্ত আহাৰ আৰু বিহাৰে এই ক্ষেত্ৰত গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। মহর্ষি পতঞ্জলিৰ যােগসূত্ৰত বর্ণিত অষ্টাংগ যােগৰ প্রথম দুটা যম’আৰু নিয়ম’ক মানি চলিবলৈ চেষ্টা কৰিলে যথেষ্ট লাভৱান হােৱাৰ স্থল আছে।পােনপ্ৰথমে আয়ুর্বেদত বর্ণিত কিছুমান গছ, লতা আৰু গুল্মৰ বিষয়ে আলােচনা কৰা হৈছে:

আশ্বগন্ধা : এবিধ উৎকৃষ্ট শাৰীৰিক আৰু মানসিক টনিক হিচাপে অশ্বগন্ধাৰ কোনাে তুলনা নাই।ই স্নায়ুতন্ত্রক সবল কৰাৰ লগে লগে দেহৰ ৰােগ প্রতিৰােধ শক্তিও বৃদ্ধি কৰে।

শৰীৰত অনুভূত ভাগৰ নির্মূল কৰাৰ উপৰি মাংসপেশী আৰু গাঠি সমীহৰ বিষ লাঘৱ কৰে। মানসিক উদ্বেগ তথা জঠৰতা আঁতৰায় দেহ, মনক সুস্থিৰতা প্রদান কৰে। লক্ষণীয় কথাটো হ’ব যে ই কিছু লেহেমীয়া গতিত কাম কৰে বাবে ফল প্রাপ্তিত অপেক্ষাৰ প্রয়ােজন হয়।

ব্রাহ্মী: মগজুৰ বাবে ই এবিধ শক্তিশালী খাদ্য। একাগ্রতা, ধাৰণা শক্তি, সৃষ্টিশীলতা আদি মনৰ পৰিশালিত বিষয় সমূহ বৃদ্ধি কৰে। শিশুৰ বাবে অতি উত্তম এই শাক বিধ। মানসিক আৰু বৌদ্ধিক ভাৱে লেহেমীয়া শিশুৰ মানসিক জঠৰ আঁতৰাই শিক্ষণ, প্রশিক্ষণ আদি দিশ সমূহ শক্তিশালী কৰে। মনৰ সুকুমাৰ অনুভূতি সমূহ বিকশিত কৰে।

শংখপুপী: ই এবিধ যাদুকৰী বনঔষধি যি নিদ্রাজনিত ব্যাধিত অতি উত্তম কাম কৰে। লগেত হৃদয় আৰু শৰীৰৰ অন্য অংগতাে সমানে কাম কৰে। ঘিৰ লগত ব্যৱহাৰ কৰিলে শিশুসকলৰ মগজুৰ বিকাশ সঠিক হয়। তেওঁলােকৰ বুদ্ধিমত্তা উন্নত হয় আৰু আচাৰ-ব্যৱহাৰত উচিত প্রভাৱ পৰে।

মানিমুনি: এই বনদৰৱ বিধ এবিধ সহজলভ্য ও সুস্বাদু শাক।

ইয়াৰ মৃদু তিতা স্বাদে মগজুৰ কোষবােৰ সমৃদ্ধ কৰে। ফলত স্মৃতি শক্তি বৃদ্ধি হয়। দেহ আৰু মন শান্ত হয়। মগজুৰ জঠৰতা আঁতৰাবলৈ ই প্ৰৱল ভাৱে সক্ষম। নিতৌ ৰাতিপুৱা মানিমুনিৰ ৰচ চামুচ ৰসে একাগ্রতা আৰু বুদ্ধিমত্তা বৃদ্ধি কৰে।

আমলখি: আমাৰ সকলােৰে পৰিচিত তথা প্রিয় আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চিৰ লগতে প্ৰতিজাৰক উপাদান আছে যি ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে স্নায়ুতন্ত্রকো সৱলতা প্রদান কৰে। গৱেষণাৰ পৰা প্রমাণ হৈছে যে নিয়মিত আমলখি সেৱনে স্মৃতিভ্রংশৰ দৰে দুৰাৰােগ্য ৰােগকো প্ৰতিৰােধ কৰিবলৈ সক্ষম।

হালধি: ই স্মৃতিহ্রাস প্ৰদুষ্টাকাৰী কফদোষৰ বৈষম্য দূৰ কৰে আৰু বাত দোষক সাম্য অৱস্থা প্রদান কৰে মগজুৰ শ্ৰীবৃদ্ধি কৰে।

ক’লাজামু  বাদাম, মিথিগুটি, বিট, মূলা, ব্রিকলী, নাৰিকল তেল, মগু, বিলাহী আৰু সকলাে ধৰণৰ সেউজীয়া শাক-পাচলি মগজুৰ বাবে অতি উত্তম।আমিখ খাদ্যৰ ভিতৰত কণী আৰু মাছৰ তেল মগজুৰ বলকাৰক। কিন্তু গুৰু খাদ্যবস্তু যেনে মাংস আৰু ক্রিম আদি কমাই ৰাখিব।খাদ্যত চেনিৰ পৰিমাণ পাৰ্যমানে কমাই ৰাখিব।

লগতে নিচাযুক্ত দ্রব্য পৰিহাৰ কৰিব। মনত ৰখা দৰকাৰ যে অতিমাত্রা সুৰাপানে মগজুৰ অভাৱনীয় আৰু অপৰিবর্তনীয় ক্ষতি কৰিব পাৰে। | সুনিদিষ্ট ভাৱে কৰা উপবাসে শৰীৰৰ দূষিত পদার্থ সমূহ নিষ্কাশন কৰে, ফলত পাচন আৰু বিপাকীয় প্রণালী শক্তিশালী হয়। ই স্নায়ুতন্ত্রকো বিষাক্ত দ্রব্য সমূহৰ পৰা মুক্ত কৰে। মগজুৰ কোষ সমূহে সঞ্জীৱনী শক্তি লাভ কৰে। সেই বাবে আয়ুর্বেদত উপবাসৰ বিধান আছে যদিও শাৰীৰিকভাৱে দুর্বল ব্যক্তিৰ ক্ষেত্ৰত সাৱধানতৰা প্রয়ােজন হয়।আয়ুর্বেদ সংহিতাত ব্ৰহ্মীবতী, স্মৃতি সাগৰ ৰস, সাৰস্বতাৰিষ্ট আদি বিভিন্ন যৌগিক ঔষধ সমূহৰ বর্ণনা আছে যিবােৰ যুগ যুগান্তৰ ধৰি ব্যৱহৃত হৈ আছে।।এই খনিতে প্রণিধানযােগ্য যে আয়ুর্বেদৰ প্রত্যেক ব্যক্তিৰে প্রকৃতি, বিকৃতি শৰীৰৰ বল আদি বিচাৰ কৰি চিকিৎসা প্রদান কৰা হয়। ব্যক্তি ভেদে চিকিৎসা পৃথক হলেও এই উপদেশ সমূহ হৃদয়ংগম কৰি মানি চলিবলৈ চেষ্টা কৰিলে যি কোনাে ব্যক্তি উপকৃত হােৱাৰ স্থল আছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close