স্বাস্থ্য

আম পাতৰ কেইটামান স্বাস্থ্যসন্মত দিশ

বিনু লষ্কৰ

আম হয়তো সকলোৰে প্ৰিয়। সেয়ে ইয়াৰ জনপ্ৰিয়তাও যথেষ্ট বেছি। কেৱল ফল হিচাপেই নহয় ইয়াৰ পাত মাংগলিক অনুষ্ঠান , পূজা পাৰ্বন আদিত অপৰিহাৰ্য l আম পাতে আমাৰ বাবে আৰু বহু লাভজনক উপদান তৈয়াৰ কৰি থৈছে , কেৱল আমি ব্যৱহাৰ কৰিব লাগে l

দৈনিক আম পাতৰ চাহ খালে হাইপাৰটেনচন কমি যায় l আম পাতে ডায়েবেটিছত ইনচুলিনৰ কাম কৰে , উচ্চ ৰক্তচাপ কমাই , আপুনি কেৱল প্ৰতিদিনে পুৱা আমপাতৰ চাহ খাওঁক , পানীত পাত সিজাওতে কিন্তু ৰঙচুৱা হব লাগিব l এমাহ খাই চাওক চোন , প্ৰাকৃতিক ভাৱে তৈয়াৰি এনে চাহে কোনো অপকাৰ নকৰে l এই চাহ খালে ইউৰিক এচিড নোহোৱা হৈ যায় l আম পাত শুকুৱাই গুৰি কৰি বটলত ভৰাই থব আৰু দৈনিক ৰাতিপুৱা এগিলাচ পানীত এচামুচ মিহলাই এমাহ খালে কিডনিত হোৱা পাথৰ গলি যায় l আম পাতৰ ধোৱা শ্বাসত ললে ডিঙিৰ বিষ কমে l উশাহ লোৱাৰ সমস্যা হলে আম পাতৰ চাহ খাব l ব্ৰংকাইটিছ থকা সকলেও এনে চাহ এমাহ খালে উপকাৰ পাব l ষ্ট্ৰেচ থকা সকলে যি কোনো সময়তে দুকাপ আম পাতৰ চাহ খাওঁক , দেখিব মন মগজু সতেজ হৈ পৰিছে , কাৰণ এই চাহে স্নায়ুতন্ত্ৰ শিথিল হোৱাত সহায় কৰে l আম পাতৰ চাহে পায়েৰিয়াজনিত ৰোগৰ পৰা সকাহ দিয়ে l

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close