বিনোদনৰাষ্ট্ৰীয়শীৰ্ষ

আমিৰ খান হলগৈ লাল সিং ছাড্ডা

বলিউডৰ মিষ্টাৰ পাৰফেক্ট খ্যাত আমিৰ খানে নাম সলনি কৰিছে। ৫৪ সংখ্যক জন্মবাৰ্ষিকীত এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে অভিনেতা গৰাকীয়ে। যি বিষয়টোৱে এতিয়া বি টাউনত লাভ কৰিছে ব্যাপক চৰ্চা। আমিৰ খানৰ পৰিৱৰ্তে এতিয়াৰে পৰা তেওঁৰ নাম হব লাল সিং ছাড্ডা। অৱশ্যে এয়া ৰীয়েল লাইফত নহয়, ৰীল লাইফতহে।

জন্মবাৰ্ষিকীৰ দিনা সাংবাদিকৰে হোৱা আচুতীয়া সাক্ষাৎকাৰত তাৰকাগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবিখনৰ নাম আৰু চৰিত্ৰৰ বিষয়ে অৱগত কৰে। দেশৰ ঐতিহাসিক বাবৰি মছজিদ ধ্বংসক লৈ নিৰ্মাণ হবলগীয়া এই ছবিখনত অভিনেতা গৰাকীয়ে লাল সিঙৰ চৰিত্ৰত অভিনয় কৰিব। তদুপৰি দেশৰ প্ৰধানমন্ত্ৰী তথা একালৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিব ছবিখনত। ছবিখনৰ বাবে নিতৌ অনুশীলন অব্যাহত ৰাখিছে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে তেওঁৰ আহিবলগীয়া নতুন ছবিৰ বাবে শৰীৰৰ ২০ কি:গ্ৰা: ওজন হ্ৰাস কৰিছে মিষ্টাৰ পাৰফেক্ট গৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close