অসমবিশেষশীৰ্ষ

আমিনগাঁৱত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উচ্চস্তৰীয় বৈঠক

কামৰূপ জিলা সদৰ আমিনগাঁৱত  জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত অলপতে কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হয় । কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কমল কুমাৰ বৈশ্যই সভাপতিত্ব কৰি প্ৰথমে আগন্তুক বনভোজ সময়ত আগে আগে জিলাখনত পৰিবহণ আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হবলৈ জিলাৰ প্ৰতি গৰাকী চক্ৰ বিষয়াক কঢ়া নিৰ্দেশ দিয়ে। জিলা পথ জিলা  সুৰক্ষা সমিতিৰ সম্পাদক তথা জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত অনুষ্ঠিত সভাত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ট্ৰমা চেন্টাৰৰ ক্ষেত্ৰত সজাগ কৰিবৰ বাবে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণক পৰামৰ্শ দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত থকা খালবাম সমূহৰ কাম শীঘ্ৰে কৰিবলৈ চোকা নিৰ্দেশ প্ৰদান কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে ।
ই-চালান আৰু পৰিবহণ বিভাগৰ নতুন সংযোজিত আইনে জিলা খনত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস,অধিক ৰাজহ সংগ্ৰহ হোৱাৰ উপৰিও ৰাইজক পথ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হৈছে বুলি সভাত গৌতম দাসৰ মতপোষণ কৰে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু গড়কাপ্তানি বিভাগৰ পথৰ আশে পাশে থকা সুৰাৰ বিপনী আৰু ধাবা সমূহক নীতি নিয়মত চলাবলৈ আবকাৰী বিভাগক কঠোৰ নিৰ্দেশ জিলা উন্নয়ন বিষয়া টংঙ্কেশ্বৰ দাসে। আনহাতে দুৰ্ঘটনাত পতিত লোক সকলক ওচৰৰ স্বাস্থ্য কেন্দ্ৰ সমূহে সম্পূৰ্ণ চোৱা চিতা কৰাৰ দায়িত্ব দিয়াৰ বাবে কামৰূপ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অৰবিন্দ দাসক প্ৰস্তাৱ আগবঢ়াই কামৰূপ জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে। জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা ট্ৰমা চেন্টাৰ স্থাপন কৰাৰ বাবে শীঘ্ৰেই  ৩ কৌটি টকা মুকলি হ’ব বুলিও জানিবলৈ দিয়ে । ইফালে ৰাষ্ট্ৰীয় ঘাইপথত জীৱ-জন্তুবোৰক ৰখাৰ বাবে খোৱাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়াই কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত গৌৰীশঙ্কৰ শৰ্মাই । নিশাৰ অন্ধকাৰত মৃত্যুদ্ৰুত ৰূপী বালিৰ ট্ৰাকৰ দৌৰাত্মাৰ বাবেই জিলাখনত অধিক দুৰ্ঘটনা সংঘটিত হোৱা বুলি কৈ বন বিভাগ বালি কঢ়িওৱা ট্ৰাক সমূহৰ চালানকে আদি কৰি নথিপত্ৰ সমূহৰ পুনৰীক্ষন কৰিবলৈ চোকা নিৰ্দেশ প্ৰদান কৰে কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই । গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় বৈঠকত উপস্থিত থাকে  ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিভাগৰ অভিযন্তা কল্যাণদত্ত, গড়কাপ্তানি বিভাগৰ অভিযন্তা যতীন বৈশ্য, বন বিভাগৰ চিলা আঞ্চলিক বন বিষয়া ৰঞ্জিত দত্ত, ৰঙিয়া সদৰৰ সহকাৰী আয়ুক্ত চম্পক ডেকা, কামৰূপ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অৰবিন্দ দাস, কামৰূপ জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, নুইমুদ্দিন আহমেদ, প্ৰৱৰ্তক পৰিদৰ্শক মোজামিল হ’ক, বিক্ৰমাদিত্য গগৈ, ৰুবুল পাঠক , সাংবাদিক মধুসূদন মেধী, দিগন্ত বৰদলৈ, মুনিন ডেকা, দিলীপ  দাস,ৰূপক ডেকা বিপুল ডেকা, ৰন্টু  বৈশ্য কৌশিক দাস মিতুমপ মেধী প্ৰমুখ্যে বিভিন্ন বিভাগৰ অৰ্ধশতাধিক বিষয়া উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close