অসমভাল খবৰশীৰ্ষ

আন্ত:বিশ্ববিদ্যালয় যুৱ মহোৎসৱত উজ্বলি উঠিল গুৱাহাটী বিশ্ববিদ্যালয়

নিউজ ডেস্ক, ভাল খবৰ: উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে গুৱাহাটী বিশ্ববিদ্যালয়ে। ঝাৰখণ্ডৰ ৰাচী বিশ্ববিদ্যালয়ত মংগলবাৰে সমাপ্ত হোৱা ৩৩তম আন্ত:বিশ্ববিদ্যালয় যুৱ মহোৎসৱত উজলি উঠিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দল৷ যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ বিশ্ববিদ্যালয় হিচাবে সৰ্বাধিক দহটাকৈ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোৱে লোকনৃত্যত (বিহু) প্ৰথম, শোভাযাত্ৰাত দ্বিতীয়, ব্যংগ নাটত দ্বিতীয়, লোকবাদ্যত দ্বিতীয়, বক্তৃতা আদিকে ধৰি দহটা শিতানত পদক অৰ্জন কৰে। এই যুৱ মহোৎসৱত ভাৰতৰ আগশাৰীৰ ৭০ খন বিশ্ববিদ্যালয়ে অংশ লৈছিল৷ দলটোৰ তত্ত্বাৱধায়ক আছিল ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতী আৰু নেতৃত্ব দিছিল কুলদ্বীপ পাটগিৰিয়ে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close