কলিকতাৰ শান্তিপুৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱত পাঠশালা ৰ অসম মাইম এণ্ড স্কিট থিয়েটাৰৰ শিল্পীসকলে মুকাভিনয় পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। ভাৰতবৰ্ষৰ আগশাৰীৰ মুকাভিনয় ৰ দল “নিৰ্বাকে” যোৱা ২৯, ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচী ৰে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱত ভাৰতৰ আগশাৰীৰ মুকাভিনয় শিল্পী সকলৰ লগতে বাংলাদেশৰ শিল্পী অংশগ্রহণ কৰে।

উক্ত মহোৎসৱ ত অসম মাইম এণ্ড স্কিট থিয়েটাৰে ভাৰতৰ জলন্ত সমস্যা NRC , দেশৰ প্ৰতি সৈনিক সকলৰ ত্যাগ আৰু আত্মবলিদান ৰ ওপৰত আধাৰিত মুকাভিনেতা শৈলেন কাকতিৰ “সৈনিক” আৰু বৰ্তমান বিশ্বৰ মানষিক সন্ত্ৰাসৰ অন্যতম প্রধান কাৰণ মোবাইল চেলফিৰ ওপৰত প্ৰস্তুত কৰা “চেলফি” শিৰ্ষক মুকাভিনয় প্ৰদৰ্শন কৰি দৰ্শক ৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ভাৰত চৰকাৰৰ সংগীত নাটক অকাদেমি ৰ ওস্তাদ বিসমিল্লাহ খান যুৱ বঁটা প্ৰাপক কুলদীপ পাটগিৰিৰ পৰিচালনাত অসমৰ জেষ্ঠ মুকাভিনেতা শৈলেন কাকতি, অসমৰ জনপ্ৰিয় ধাৰাবাহিক “বৰলাকাই”ৰ মুখ্য সহকাৰি পৰিচালক তথা মুকাভিনেতা জিৎ কলিতা আৰু জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰ মনজিৎ কাকতিয়ে মুকাভিনয় প্ৰদৰ্শন কৰে।আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱৰ লগত সংগতি ৰাখি “নিৰ্বাকে” মুকাভিনয় কৰ্মশালা, আলোচনা চক্ৰ, পুতুলনাচের নিৰ্মাণ আৰু নাট প্ৰদৰ্শন আদি কাৰ্যসূচীৰো আয়োজন কৰে। আলোচনা চক্ৰৰ সমল ব্যক্তি ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় ৰ নাট বিভাগৰ অধ্যাপক তৰুণ প্ৰধাণে মুকাভিনয় ৰ ইতিহাস, কাৰিকৰী কৌশল, সমস্যা আদিৰ বিষদ আলোচনা আগবঢ়াই।