ক্ৰীড়াঙ্গণশীৰ্ষ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেটক বিদায় নুয়ান কুলাছেকাৰাৰ

ক্রিকেটৰ পৰা অৱসৰ ঘােষণা

শ্রীলংকাৰ একালৰ সফল বলাৰ নুৱান কুলাছেকাৰাই বুধবাৰে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ ঘােষণা কৰে। দীর্ঘদিনৰ পৰা ফর্মহীনতাত ভুগি থকা খেলুৱৈগৰাকীয়ে বিশ্বকাপৰ পূৰ্বৰে পৰা দলত স্থান লাভৰ পৰা বঞ্চিত হৈ আছিল। ২০০৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত অভিষেক কৰা কুলাছেকাৰা হ’ল দেশখনৰ ভিতৰত সর্বাধিক উইকেট লাভ কৰা পঞ্চমগৰাকী বলাৰ। তেওঁ ১৮৪ খন মেচত ১৯৯ টা উইকেট লাভ কৰিছে। তেওঁৰ এখন মেচত ব্যক্তিগত সর্বাধিক ২২ ৰাণৰ বিনিময়ত ৫ টা উইকেট। খেলুৱৈগৰাকীয়ে অন্তিমবাৰৰ বাবে ২০১৭ চনত এদিনীয়া মেচ খেলিছিল। তদুপৰি ২০০৫ বৰ্ষত টেষ্ট অভিষেক কৰা কুলাছেকাৰাই টি-২০ মেচতাে দেশৰ হৈ সুন্দৰ প্রদর্শন দাঙি ধৰিছিল। তেওঁ ৫৮ খন টি-২০ত মুঠ ৬৬ টা উইকেট দখল কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close