অসম

আইৰাৰ অসম শাখাৰ সভাপতি সম্পাদকৰ উপস্থিতিত বাক্সাৰ ষাঠিশামুকাৰ বহাগী উৎসৱ অনুষ্ঠান সম্পন্ন

চাংসাৰিৰপৰা পঙ্কজ নাথ, ভাল খবৰ: বিটিএডিৰ অধীনস্থ বাক্সা জিলাৰ মুছলপুৰৰ ষাঠিশামুকাত যোৱা ৫, ৬ তাৰিখ শনি আৰু ৰবিবাৰে বহাগী উৎসৱ অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে মুছলপুৰৰ হৰিমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়। প্ৰথম দিনা ৰাতিপুৱাৰে পৰা সন্ধিয়া পৰলৈকে আৰু দ্বিতীয় দিনা ৰাতিপুৱাৰ পৰা আবেলিলৈ বিভিন্ন কাৰ্যসূচী সুকলমে হৈ যোৱাৰ পিছত সন্ধিয়াৰ ভাগত ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কৰা হয়।

মুছলপুৰ অঞ্চলৰ সহস্ৰাধিক বিহুবলীয়া ৰাইজৰ উপস্থিতিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো উদ্বোধন কৰে অল ইণ্ডিয়ান ৰিপোৰ্টাৰ এছোচিয়েশ্বন চমুকৈ আইৰাৰ অসম শাখাৰ সভাপতি কিৰণ কুমাৰ গগৈয়ে। উদ্বোধক হিচাপে উপস্থিত থাকি আইৰা, অসমৰ সভাপতি গগৈয়ে নিজৰ উদ্বোধনী ভাষণত অসমীয়াৰ বাপুতি সাহোন বিহু প্ৰকৃততে চহা ৰাইজৰ বিহু বুলি উল্লেখ কৰি কৃষক সমাজৰ ভুয়সী প্ৰশংসাৰে দৰ্শক ৰাইজৰ মাজৰ পৰা কৃষক সমাজৰ প্ৰতিনিধি হিচাপে এগৰাকী কৃষকক মঞ্চলৈ আহিবলৈ আহ্বান জনায়।

আহ্বানমৰ্মে উপস্থিত হোৱা এগৰাকী কৃষকক উদযাপন সমিতিয়ে সভাপতি গৰাকীক সন্মান সহকাৰে আগবঢ়োৱা গামোছাখন কৃষক গৰাকীক পিন্ধাই দি এক অভূতপূৰ্ব নিদৰ্শন দাঙি ধৰে । ইয়াৰ উপৰিও বাক্সা জিলাৰ পৰাই কৃষকক বিহু মঞ্চত সন্মান জনোৱা এই ধৰণৰ পৰম্পৰা আৰম্ভ হওক বুলি উল্লেখ কৰি অসমৰ প্ৰতিখন বিহু উদযাপন কমিটিলৈ ১০ গৰাকী কৃষকক প্ৰতি বছৰে সন্মান জনাবলৈ আইৰাৰ সভাপতি গৰাকীয়ে আহ্বান জনোৱাৰ উপৰিও বিহু মঞ্চৰ পৰাই সমন্বয় ৰক্ষাৰ বাৰ্তা প্ৰেৰণ কৰে। উক্ত অনুষ্ঠানত আইৰাৰ অসম ৰাজ্যিক সম্পাদক পংকজ নাথে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বাক্সা জিলাৰ ৰাইজৰ মৰমত আপ্লুত হৈ পৰে আৰু বাক্সা জিলাৰ ৰাইজ সহজ সৰল আৰু অতিথি পৰায়ণ বুলি উল্লেখ কৰে। বহাগী উৎসৱত সদৌ অসম সাংস্কৃতিক সন্থাৰ যুতীয়া সম্পাদক ও নৱাগত প্ৰযোজক অনুপ শইকীয়া আৰু আইৰাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা কবি সাংবাদিক মিণ্টু শৰ্মাও উপস্থিত থাকে।

দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান মুকলি হোৱাৰ পিছত আধুনিক নৃত্য পৰিৱেশন, বাহী বাদন অনুষ্ঠান আদি হৈ যোৱাৰ পিছত বিশেষ আকৰ্ষন হিচাপে নয়ন বিকাশ, ভাগ্যশ্ৰী ৰয়কে আদি কৰি অসমৰ ভালেকেইজন নৱাগত কণ্ঠশিল্পী উপস্থিত থাকি দৰ্শক ৰাইজক আপ্লুত কৰি আনন্দত মতলীয়া কৰি তোলে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close