অসমবিশেষশীৰ্ষ

অৰুণৰ দেশত ডালিমীৰ অমৰ প্ৰেম কাহিনী

ইতিহাসক সাক্ষী কৰি দুই ৰাজ্যৰ সমন্বয় গঢ়িছে ডালিমীয়ে

অভিজিৎ ভূঞা:

প্ৰেমে নামানে জাত পাত, প্ৰেমে নামানে ভৌগোলিক পৰিসীমা। প্ৰেমে নামানে উচ্চ নীচ, প্ৰেমে নামানে ধনী-দুখীয়া। সৃষ্টিৰ আৰম্ভণিৰেপৰা মানৱ জীৱনত ক্ৰিয়া কৰি অহা উক্ত বাক্য কেইখাৰক সত্য প্ৰমাণিত কৰিছে বুৰঞ্জীৰ বহু অমৰ প্ৰেম কাহিনীয়ে। খ্যাত অখ্যাত লোকসকলৰ বাস্তৱ জীৱনৰ এই অমৰ প্ৰেম কাহিনীসমুহৰ সাক্ষী এতিয়া ক’ৰবাত জিলিকি আছে তাজমহল হিচাপে, ক’ৰবাত হয়তো কালৰ বুকুত বিলীন হৈ গৈছে সকলোৰে অজ্ঞাতে।

অৰুণাচল প্ৰদেশৰ কানুবাৰী অঞ্চলৰ মনোমোহা পাহাৰীয়া পৰিবেশৰ মাজত এনে অমৰ প্ৰেম আৰু সমন্বয়ৰ এক প্ৰতীক হিচাপে জিলিকি আছে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্ত্ৰী ৰাণী ডালিমীৰ মৈদাম বুলি অনুমান কৰা এডোখৰ ওখ ঠাই। উল্লেখ্য যে, ১৬৮১ খ্ৰীষ্টাব্দৰপৰা ১৬৯৬ খ্ৰীষ্টাব্দ পৰ্যন্ত অসমত শাসন কৰা আহোম স্বৰ্গদেউ গদাধৰ সিংহই ইয়াৰ পূৰ্বে ল’ৰা ৰজাৰ আক্ৰোশৰ বলি হৈ নিজ ৰাজ্য ত্যাগ কৰি চুবুৰীয়া ৰাজ্য বৰ্তমানৰ অৰুণাচল, নাগালেণ্ড আদিত আত্মগোপন কৰি অঘৰী জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল। এই সময়ছোৱাত অৰুণাচলৰ ৱাংচু জনগোষ্ঠীৰ লোকসকলে তেওঁক যথেষ্ট আদৰ যত্নৰ মাজতে তেওঁলোকৰ লগত থাকিবলৈ দিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই সময়ছোৱাত লগ পাইছিল বানফেৰা অঞ্চলৰ ৱাংচু ৰজাৰ কন্যা ৰাজকুমাৰী নেপী ৱাংচা ওৰফে ৰুণু ৰাজকুমাৰীক। সময় অতিবাহিত হোৱাৰ লগে লগে দুয়োজনৰ মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। পৰৱৰ্ত্তী সময়ত যেতিয়া অসমলৈ ঘুৰি আহি আহোম ৰাজত্বৰ দায়িত্ব গ্ৰহণ কৰে তেতিয়া তেওঁ নিজ প্ৰেমিকা ৰাজকুমাৰী নেপী ৱাংচাক বিবাহ কৰাই নিজ ৰাজ্যলৈ লৈ আহি ডালিমী নামেৰে নামকৰণ কৰি সম্পূর্ণ ৰাণীৰ মৰ্যদা প্ৰদান কৰি নিজৰ লগত ৰাখে। মৃত্যুৰ পাছত ডালিমীৰ নিজ ইচ্ছা মতে তেওঁৰ মৃতদেহ অৰুনাচলৰ নিজৰ পৈতৃক গাঁৱলৈ নি বৰ্তমান অসম অৰুণাচল সীমা লাহদৈগড়ৰ কাষত মৈদাম দিয়া হয়।

অসমীয়া আৰু অৰুণাচলী লোকসকলৰ সমন্বয়ৰ প্ৰতীক আৰু গদাপাণি – ডালিমীৰ অমৰ প্ৰেমৰ প্ৰমান হিচাপে আজিও উক্ত ঠাইত আছে ডালিমীৰ এই মৈডামটো। অৰুণাচল প্ৰদেশৰ বিধায়ক টিংমাত্ৰাৰ প্ৰচেষ্টাত মৈদামটোৰ লগতে ইয়াক আগুৰি থকা ঠাইডোখৰ সামৰি পকীবেৰ নিৰ্মান কৰি মৈদামটোৰ সংৰক্ষণ কৰা হৈছে। ইয়াৰ উপৰি পৰ্যটকক আকৰ্ষণ কৰিবলৈ বন বিভাগৰ জৰিয়তে মৈদাম অঞ্চলটোৰ সৌন্দৰ্যবৰ্দ্ধন কৰি পাৰ্কৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। আনহাতে মৈদামটোৰ সন্মুখত নেপী ৱাংচা (ডালিমী)ৰ প্ৰতিমূৰ্তি স্থাপন কৰা ইয়াৰ কাষতে গদাধৰ সিংহ আৰু ডালিমীৰ প্ৰেম কাহিনীৰ এক চমু আভাসেৰে এখন ফলক লগোৱা হৈছে। মৈদামটোৰ সম্পৰ্কে এই পৰ্যন্ত কোনো ধৰণৰ গৱেষণা কৰা হোৱা নাই যদিও মুখে মুখে চলি অহা ইয়াৰ ইতিহাসে আজিও চুবুৰীয়া ৰাজ্য দুখনৰ ৰাইজৰ সমন্বয়ৰ এক প্ৰতীক হিচাপে জিলিকি আছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close