অসমআন্ত-ৰাষ্ট্ৰীয়বিনোদনভাল খবৰৰাষ্ট্ৰীয়শীৰ্ষসাংস্কৃতিক

অস্কাৰলৈ মনোনীত ৰীমা দাসৰ ‘ভিলেজ ৰ’কষ্টাৰছ্’

নিউজ ডেস্ক, ভাল খবৰ: অসমবাসীৰ বাবে আন এক সুখবৰ। অস্কাৰলৈ মনোনীত ৰীমা দাসৰ ভিলেজ ৰ’কষ্টাৰছ্। বিদেশী ভাষাৰ ছবিৰ শিতানত মনোনীত হৈছে ভিলেজ ৰ’কষ্টাৰছ্।

প্ৰথমখন অসমীয়া ছবি হিচাপে এই বিৰল সন্মান ৰীমা দাসৰ লগতে ভিলেজ ৰ’কষ্টাৰছ্লৈ। পদ্মাৱত, ৰাজী আদি নাম চৰ্চাত আছিল যদিও ভাৰতৰ পৰা ৯১ সংখ্যক একাডেমী এৱাৰ্ডৰ বাবে মনোনীত হ’ল অসমীয়া ছবি ভিলেজ ৰ’কষ্টাৰছ্। ২৮খন ছবিৰপৰা নিৰ্বাচিত কৰা হয় ভিলেজ ৰ’কষ্টাৰছ্।

বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। লগতে ৰীমা দাস এই ছবিৰ পটকথা লেখক, কাৰ্যবাহী নিৰ্মাতা, সম্পাদক, চিত্ৰনাট্যকাৰ, আৰু প্ৰডাক্টচন ডিজাইনাৰ।

বোলছবিখনৰ কাহিনী এগৰাকী কিশোৰী ধুনু আৰু তাইৰ সপোনৰ আধাৰত। সমাজৰ ঘাট-প্ৰতিঘাতৰ মাজতো তাই নিজৰ এটা বেণ্ড গঠন কৰা সপোন বুকুত কঢ়িয়াই ফুৰে। ১০ বছৰীয়া ধুনু (ভণিতা দাস) তাইৰ বিধৱা মাক (বাসন্তী দাস) আৰু ককায়েক মনৱেন্দ্ৰৰ (মনৱেন্দ্ৰ দাস) লগত কামৰূপ জিলাৰ ছয়গাওঁত বাস কৰে। ধুনুৰ মাকে এখনি সৰু দোকানৰ জৰিয়তে পৰিয়ালৰ পোহ-পাল কৰে। এদিন মাকৰ লগত স্থানীয় অনুষ্ঠান এটিত দোকানৰ কামত সহায় কৰি থাকোতে ধুনুৱে এটা বেণ্ডৰ অনুষ্ঠান দেখিলে। বেণ্ডৰ অনুষ্ঠান দেখি ধুনুৰ নিজাকৈ এটা গীটাৰ লোৱাৰ সপোন দেখিছিল। গাঁৱৰ লৰা-ছোৱালীয়ে সেই বেণ্ডক নকল কৰি সততে পোৱা বস্তুৰে বাদ্য সাজি বেণ্ড বেণ্ড খেলিবলৈ ধৰিলে। ধুনুৱে ৰকষ্টাৰ জিমি হেন্দ্ৰিক্সক অনুসৰণ কৰি এটা নকল গীটাৰ অনবৰতে কঢ়িয়াই ফুৰিব ধৰিলে।

ধুনুয়ে এক কমিক্স কিতাপ পঢ়ি এটা আচল বেণ্ড গঠন কৰি, আচল বাদ্যযন্ত্ৰ বজাবলৈ মনস্থ কৰে। তাৰপিছত এটকা এটকাকৈ সাঁচি তাই নিজৰ এটা বৈদ্যুতিক গীটাৰ কিনাৰ সপোন দেখে। টুকুৰা বাতৰি কাকতৰ এটা প্ৰবন্ধ পঢ়ি ধুনুৰ মন আৰু বেছি দৃঢ় হয়। তাই বুজি পায় যে ধনান্মক চিন্তাৰ দ্বাৰা তাইৰ সপোন সাৰ্থক হ’ব।

বোলছবি খন কামৰূপী উপভাষাত নিৰ্মাণ কৰা হৈছে। ছবিখনে লাভ কৰা বঁটা আৰু সন্মান সমূহ ক্ৰমে:

জিঅ’ মামী চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • ইণ্ডিয়া গোল্ড শ্ৰেণীৰ শ্ৰেষ্ঠ ছবিৰ গোল্ডেন গেটৱে বঁটা
  • লিংগ সমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফাম বঁটা
  • ইয়ং কৃটিক্স চইচ বঁটা

আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • শ্ৰেষ্ঠ পৰিচালকৰগোল্ডেন এলিফেণ্ট বঁটা (দৰ্শিত ছবি) এছিয়ান পেৰনমাৰ প্ৰতিযোগিতা : ৰীমা দাস
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বিশেষ জুৰী বঁটা: ভণিতা দাস

কৰ্ক চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • স্প্ৰিট অফ ফেষ্টিভেল বঁটা

কাইৰো আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ ত

  • ইণ্টেল কৃটিক্সছ ৱিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ কলাত্মক অৱদান

অলিম্পিয়া আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭

  • শ্ৰেষ্ঠ অভিনেত্ৰী : ভণিতা দাস
  • শ্ৰেষ্ঠ পৰিচালক : ৰীমা দাস
  • শ্ৰেষ্ঠ দৰ্শিত ছবিৰ জুৰীৰ বিশেষ বঁটা

স্মাইল আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • শ্ৰেষ্ঠ দৰ্শিত ছবি
  • শ্ৰেষ্ঠ অভিনেত্ৰী: ভণিতা দাস

বোলছবিখন টৰন্ত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ৰ ডিস্কভেৰি শিতানত আৰু ছেন ছেবেষ্টিয়ান আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ নতুন পৰিচালকৰ শিতানত দৰ্শিত হৈছিল। বোলছবিখন প্ৰথম গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দৰ্শিত হোৱাৰ উপৰিও ধৰ্মশালা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ছবি আছিল। এইখন বোলছবি ২০১৭ চনত বিখ্যাত ক্যা চলচ্চিত্ৰ মহোৎসৱতো দৰ্শিত হৈছিল।

লগতে ২০১৭ ৰ কেৰেলা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তৰ্জাতিক শিতানত প্ৰদৰ্শিত হৈছিল। ভিলেজ ৰকষ্টাৰছ্ স্মাইল আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭ৰ উদ্বোধনী ছবি আছিল।

( তথ্য ইণ্টাৰনেটৰ পৰা সংগৃহিত)

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close