চলচ্চিত্ৰজগতবিশেষশীৰ্ষ

অসমীয়া চলচ্চিত্র : আইচিইউত অক্সিজেন

দিব্যজ্যোতি দাস

দশকজোৰা বিৰতিৰ অৱসান ঘটাই অৱশেষত ছবিগৃহলৈ আহিল এখন পূর্ণাংগ সফল ছবি। কাহিনীৰ পৰা আৰম্ভ কৰি চিত্রনাট্য, সংলাপ, সংগীত, অভিনয়, দৃশ্যগ্ৰহণ আদি সকলাে দিশৰে পৰা সফল ৰূপত ছেপ্টেম্বৰ মাহৰ প্রথম ভাগত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্র কাঞ্চনজংঘাই জলিউডত এক নতুন মাত্রা প্রদান কৰে। ইয়াৰ পূর্বে মিছন চাইনা, পাগলী আদি বিভিন্ন অসমীয়া ছবি ছবিগৃহলৈ আহিছিল যদিও অসমীয়া অনুৰাগিৰ মন জয় কৰিবলৈ সক্ষম হােৱা নাছিল। প্রতিটো মুহূর্ততে কেনেকৈ অসমীয়া ছবিক এক নতুন মাত্রা প্রদান কৰিব পাৰি এই বিষয়ে জলি টাউনত নিতৌ চর্চা অব্যাহত থকাৰ লগতে বিশিষ্ট অভিনেতাঅভিনেত্রীসকলেও ছবিজগতখন পুনৰ উদ্ধাৰ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছিল। অৱশেষত যুৱ প্ৰজন্মৰ হার্টথ্রব জুবিন গাৰ্গৰ প্ৰচেষ্টাত অসমৰ শিল্পী সমাজে লাভ কৰিলে জলি সমাজত এক নতুন মাত্রা। এটা যুগৰ অৱসান ঘটাই ছবিগৃহলৈ আহিল এখন হৃদয়স্পর্শী চলচ্চিত্র। যত নেকি বাস্তৱ জীৱনৰ সকলােবােৰ চৰিত্ৰই এই ছবিখনত উপলব্ধ। ছবিখনৰ নাম কাঞ্চনজংঘা।

এই ছবিখনৰ মূল চৰিত্ৰত জুবিন গাৰ্গৰ সৈতে স্ক্রীণ শ্বেয়াৰ কৰে পিংকী শৰ্মাই। ছবিখনত জুবিন, পিংকীৰ লগতে পৱিত্ৰ ৰাভা, শশাংক সমিৰ, ৰুণু দেৱী আদিয়ে দর্শনীয় অভিনয় দাঙি ধৰি অনুৰাগিৰ মন জয় কৰিবলৈ সক্ষম হয়। এতিয়া প্রতিজন অনুৰাগিৰ মুখত এটাই নাম পাঞ্চনা আৰু ধূলিকনা। এই দুই শব্দৰ বাহিৰে যুৱ প্ৰজন্মৰ হৃদয়ত একোৱেই যেন নাই। কিয়নাে এই দুটি গানৰ কলিয়ে ধুবুৰীৰ পৰা লিড়ুলৈ, ভৈৰৱকুণ্ডৰ পৰা বৰাকভেলীলৈ, তামুলপুৰৰ পৰা সমগ্র অসমজুৰি যুৱ প্ৰজন্মৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছে। পৰিসংখ্যাৰ ভিত্তিত এই ছবিখনে মুক্তিৰ প্রথম দিনাই ৪০ লাখ, দ্বিতীয় দিনা ৩৮.৫ লাখ, তৃতীয়দিনা অর্থাৎ দেওবাৰে ৫৯.১ লাখ টকা উপার্জন কৰি অসমীয়া চলচ্চিত্ৰত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়। অর্থাৎ তিনিদিনত এই ছবিখনৰ উপার্জন ১ কোটি ৩৭ লাখৰাে অধিক। ছবিখন ইমানেই জনপ্রিয় হ’ল যে দ্বিতীয় সপ্তাহত কোনােধৰণৰ আনুষ্ঠানিক বন্ধ নথকাৰ পাছতাে ছবি অনুৰাগিয়ে কাঞ্চনজংঘা চাবলৈ ছবিগৃহত ভিৰ কৰে। সেই অনুসৰি চতুর্থ দিনা ৩৯.৮ লাখ, পঞ্চম দিনা ৪৪.৫ লাখ, ষষ্ঠ দিনা ৩৫.৫ লাখ আৰু সপ্তমদিনা ৩১.৪ লাখ উপার্জনেৰে ২.৯০ কোটিৰাে অধিক ধন উপার্জন কৰি উত্তৰ পূবৰ ছবিগৃহত অভিলেখ সৃষ্টি কৰে। বর্তমানেও বিভিন্ন ছবিগৃহত হাউছফুল দেখা গৈছে। মুঠতে এই ছবিখন চাবলৈ জনতাৰ এতিয়াও ছবিগৃহত লানি নিছিগা ভিৰ। এইখিনিতে অসমীয়া ছবি অনুৰাগিৰ বাবে আহিছে আন এক সুখবৰ। জলিউডৰ ছুপাৰষ্টাৰ তথা অসমীয়াৰ হিয়াৰ আমঠু যতীন বৰাৰ পৰিচালনা আৰু প্রযােজনাত আহি আছে নতুন ছবি ‘ৰত্নাকৰ’। সম্পূর্ণ ডিজিটেল মাধ্যম প্রয়ােগ কৰি এক বছৰজোৰা প্ৰচেষ্টাৰ অন্তত শীঘ্ৰে ছবিগৃহলৈ আহিব যতীন বৰাৰ ৰত্নাকৰ। তথ্য অনুসৰি এই ছবিখনে ব্যয় বহুলভাৱে নিৰ্মাণ কৰা হৈছে। প্রায় প্রায় দুই কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে যতীননিশিতা-বৰষাৰাণী অভিনীত ৰত্নাকৰ’। মুঠতে পুনৰ ঘূৰি আহিছে অসমীয়া ছবিৰ সােণালী দিন।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close