Businessঅসম

অসমত অপ্প’ৰ নতুন স্মাৰ্ট ফোন মুকলি

ভাৰতৰ বজাৰত অপ্প’ই বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে। সেই চাহিদা আৰু অধিক উন্নত কৰিবলৈ প্ৰতিষ্ঠানটোৱে অলপতে অসমৰ বজাৰত মুকলি কৰে অন্য এটি স্মাৰ্টফোন। হোটেল গ্ৰেটৱে গ্ৰেন্ডিঅ’ৰত অনুষ্ঠিত এখন সংবাদমেলত ‘এ ৯ ২০২০’ নামৰ এই নতুন স্মাৰ্ট ফোনটো মুকলি কৰে প্ৰতিষ্ঠানটোৰ প্ৰডাক্ট মেনেজাৰ কুলদ্বীপ আগৰৱালে। এই ফোনটোত আছে চাৰিটা মেগাপিক্সেল কেমেৰা,১৬ মেগাপিক্সেল সন্মুখ কেমেৰা, ৬.৫ ইঞ্চিৰ কৰ্নিং গৰিলা গ্লাছ, ৪ আৰু ৮ জি বিৰ ৰেম আদিৰ লগতে বহু আকৰ্ষণীয় ফিচাৰ্ছ। উল্লেখযোগ্য যে, দুটা সংস্কৰণত মুকলি হোৱা এই স্মাৰ্টফোনটোৰ প্ৰাৰম্ভিক মূল্য ১৬,৯৯০ টকা হোৱাৰ বিপৰীতে অপ্প’ এ৫ ২০২০ৰ প্ৰাৰম্ভিক মূল্য হব ১৩,৯৯০ টকা। পূৰ্বৰ স্মাৰ্টফোনসমূহৰ দৰে এই ফোনটোৱেও ভাৰতৰ বজাৰত যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশাপ্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close