আন্ত-ৰাষ্ট্ৰীয়বিনোদনবিশেষশীৰ্ষ

অবিশ্বাস্য: প্লেটত কুকুৰাৰ মাংসৰ নৃত্য

জনমানসত লাভ কৰিছে ব্যাপক চর্চা

বর্তমান সময়ৰ আটাইতকৈ জনপ্রিয় ছচিয়েল মাধ্যম সমূহৰ ভিতৰত ফেচবুক অন্যতম। দিনকদিনে ইয়াৰ জনপ্রিয়তা ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। ব্যৱহাৰকাৰীসকলেও নিতৌ নতুন নতুন প’ষ্ট প্রকাশ কৰিছে। ইয়াৰ ভিতৰত কিছু ব্যক্তিগত তথ্য আন কিছু হাস্যৰসৰ বাবে। মুঠৰ ওপৰত প্ৰতিটো মুহূৰ্তৰ বহিঃপ্রকাশৰ একমাত্র মাধ্যম এই ফেচবুক। শেহতীয়াকৈ চৰ্চালৈ আহিছে ফেচবুকৰ এনে এটি ভিডিঅ’। প’ষ্টটোত দেখা গেছে এখন প্লেটত কুকুৰাৰ মাংস ৰান্ধিবলৈ সাজু কৰা হৈছে। তেনেস্থলত তাৰে এটুকুৰা মাংস প্লেটখনত ধৰফৰাই থকা দেখিবলৈ পােৱা গৈছে। ক্রমান্বয়ে মাংস টুকুৰা প্লেটৰ পৰা লম্ফ-জম্ম কৰি টেবুলৰ তল পাইছেগৈ এটা সময়ত। ইতিমধ্যে এই দৃশ্য দেখি ফেচবুকৰ প্ৰতিগৰাকী দর্শক হতভম্ব হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি ফেচবুকৰ ৰি প্রিটিৰেডবন ফিলিপ্স নামৰ প্রফাইলৰ পৰা এই ভিডিঅ’টো প’ষ্ট কৰা হৈছে।

 

মাত্র ৩৩ ছেকেণ্ডৰ এই ভিডিঅ’ টোৱে এতিয়া জনমানসত লাভ কৰিছে ব্যাপক চর্চা। এই ঘটনা দেখি সম্ভৱতঃ যিয়ে ভিডিঅ’টো ৰেকৰ্ড কৰি আছিল সেইৰাকী নাৰীয়ে অৱশেষত ভয়তে চিৎকাৰ কৰি উঠা শব্দত তেনেই সুলভ হৈ পৰিছে ভিডিঅটোত। এই ভিডিঅ’টো ভাইৰেল হ’বলৈও বৰ বিশেষ সময় নালাগিল। ১০ জুলাইত এই ভিডিঅ’টো পষ্ট কৰা হৈছিল। আৰু অতি কম সময়ৰ ভিতৰতে এই অদ্ভুদ ভিডিঅ’টো চোৱা হৈছে ডেৰ কোটি বাৰ। আৰু লাইকৰ সংখ্যা ৩০ হেজাৰ হােৱাৰ বিপৰীতে কমেণ্টৰ হাৰ হৈছে ৬৫ হেজাৰ। আৰু শ্বেয়াৰ হৈছে দুই লাখ ২৫ হেজাৰতকৈও অধিক। এতিয়া প্রশ্ন হয় এনেবােৰ ঘটনা সম্ভবনে? কুকুৰাটো কটাৰ পাছত তাৰ মাংসই এইদৰে জঁপিয়াই ফুৰাটো কিমানদূৰ সত্য। এইক্ষেত্ৰত বিজ্ঞানসন্মত দৃষ্টিভংগীৰ নিতান্ত প্রয়ােজন। ছচিয়েল মাধ্যমত এনেবােৰ পষ্ট ভাইৰেল হয় যদিও ইয়াৰ কোনাে যুক্তিযুক্ততাই নাথাকে। সেয়ে এই প’ষ্টটোৰ বাবেও প্রয়ােজন এলানি গৱেষণাৰ। তেতিয়াহে ইয়াৰ সত্যসত্যতা প্রমাণ হ’ব। কাৰণ যিয়ে নহওক কিয় এই প’ষ্টটোৱে সমগ্র বিশ্ববাসীৰ পলকতে দৃষ্টি আকর্ষণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close