বিনোদনবিশেষশীৰ্ষ

অবিশ্বাস্য : দুমুখীয়া মাছ

লেক চেম্পলেনত সন্ধান এই বিৰল প্ৰজাতিৰ মাছটো

প্ৰশ্ন: মাছৰ মুখ কেইখন ?
উত্তৰ: এখন
কাৰণ মাছৰ মুখ এখনেই। কিন্তু শেহতীয়াকৈ সন্ধান পোৱা গৈছে এটি বিৰল প্ৰজাতিৰ মাছ। যাৰ মুখ দুখন। তথ্য অনুসৰি নিউয়ৰ্কৰ ডেবি গেডেছ নামৰ এহাল দম্পতিৰ বৰশীত উঠিছে এই ব্যতিক্ৰমী মাছটো। অভ্যাস অনুসৰি দম্পতিহালে লেক চেম্পলেনত বৰশী বাই থকা অৱস্থাত এই ব্যতিক্ৰমী মাছটো তেওঁলোকৰ বৰশীত উঠে। প্ৰথমাৱস্থাত মাছটো দেখি তেওলোকে হতবম্ভ হৈ পৰে। কাৰণ এনে ঘটনা অসম্ভৱ। তাৰ পিছতেই তেওঁলোকে মাছটোৰ ফটো সংগ্ৰহ কৰে। অৱশেষত এই বিৰল প্ৰজাতিৰ মাছটো পুনৰ সাগৰত মুকলি কৰি দিয়ে দম্পতিহালে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close