আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

অন্য এক টাইটানিক

সন্ধান পােৱা গৈছে ব্রিটিছৰ এখন ঐতিহাসিক জাহাজৰ। নাম ‘মানাচু’। এই জাহাজখনেও টাইটানিকৰ দৰেই জনপ্রিয় আছিল। ১৯২৮ চনত কানাডাৰ লেক হিউৰেনত এই জাহাজখন দুর্ঘটনাগ্রস্ত হৈছিল। এই দুর্ঘটনাত ১৬ গৰাকী যাত্রীয়ে প্রাণ হেৰুওৱাৰ লগতে বহু দামী সামগ্রী ডুব গৈছিল। শেহতীয়া তথ্য অনুসৰি ১৯২৮ চনৰ পূর্বে মানাচু নামৰ জাহাজখন লেক অন্টাৰিঅত চলাচল কৰিছিল। সেই বছৰটোতে জাহাজখনৰ মালিক সলনি হয়। নতুন মালিকগৰাকীয়ে জাহাজখন লেক হিউৰনলৈ লৈ আহে। আৰু সলনি কৰে পূৰ্বৰ নাম। পূর্বৰ নাম মাকাচাৰ সলনি ৰখা হৈছিল নতুন নাম মানাচু। ১৮৮৮ চনত গ্লাছগােয়ত নিৰ্মাণ কৰা এই জাহাজখন বিগত ৯০ বছৰ ধৰি সন্ধান কার্য অব্যাহত ৰাখিছিল। শেহতীয়াকৈ এই জাহাজখন অন্টাৰিঅ’ৰ গ্রিফিম আইলেণ্ডৰ প্রায় ২০০ ফুট গভীৰতাত উদ্ধাৰ কৰা হৈছে। জাহাজখন ডুবাৰ সময়ত জাহাজখনত মানুহৰ লগতে বহুতাে পশুখনাে আছিল। কিন্তু ইয়াৰ কোনাে দেহাৱশেষ বর্তমানাে উদ্ধাৰ কৰা হােৱা নাই। জাহাজৰ সমান্তৰালকৈ ১৯২৭ চনত এই আইলেণ্ডত এখন গাড়ীও ডুব গৈছিল। ইতিমধ্যে যথাস্থানতে এই গাড়ীখন উদ্ধাৰ কৰা হৈছে। সদ্যহতে উদ্ধাৰ হােৱা এই জাহাজৰ ভগ্নাৱশেষত কোনাে মানুহ বা প্রাণীৰ দেহাৱশেষৰ অৱস্থিতি নােপােৱাটো ই এক ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close