স্বাস্থ্য

অন্য এক অমৃত :শতমুল

চক্ৰেশ্বৰ দাস

ঔষধি গুনসম্পন্ন উদ্ভিদ সমূহৰ ভিতৰত অন্যতম হৈছে -শতমুল । এইজোপা গছক সকলোৱে চিনি পোৱাতো অতিশয় জৰুৰী। ইয়াৰ শিপা ৰসাল আৰু  ঔষধি গুনসম্পন্ন। বহুতো বেমাৰত ইয়াক ব্যবহাৰ কৰিব পাৰি কেচা শিপাৰ ৰস মিঠা আৰু তিতা ৰসযুক্ত ।এই ৰস পুষ্টিসাধক,দৃষ্টিশক্তি বৃদ্ধিকাৰক, শুক্ৰ বৃদ্ধিকাৰক,পিত্ত আৰু কফ নাশক।

মৃৰ্গী বেমাৰত গাখীৰৰ লগত সেবন কৰিলে উত্তম ফল পোৱা যায় ।চকুৰ বিভিন্ন বেমাৰত ই মহৌষধ ।দৃষ্টি শক্তি কমা,কুকুৰিকনা, চকু ফুলা চকুৰ পৰা পানী ওলোৱা ,কেতৰ ওলোৱা আদিত শতমুলৰ ৰস খাব লাগে ।তিৰোতাৰ সকলো প্ৰকাৰৰ প্ৰ্সব জনিত বা যৌন সম্বন্ধীয় ৰোগত শতমুলৰ ৰস পৰম হিতকাৰক ।তিৰোতাৰ মুৰ ঘুৰনি ,নিদ্ৰাহীনতা ,গা মুৰ আদিৰ বিষ ,গা জ্বলাপোৰা কৰা আদি বেমাৰত শতমুলৰ ৰস চেনী বা মৌৰ লগত খালে শিঘ্ৰে উপশম পোৱা যায়।যিকোনো ধাতুৰ বেমাৰ, গনৰীয়া আদিত শতমুলৰ ৰস গাখীৰৰ লগত সেবন কৰিলে উত্তম ফল পোৱা যায়।পেচাব বন্ধ হলে বা পেচাবৰ লগত তেজ ওলালে শতমুলৰ ৰস গাখীৰৰ লগত খাব লাগে ।সুস্থ মানুহেও ৰোগ প্ৰতিৰোধৰ বাবে শতমুলৰ ৰস মাজে মাজে খোৱা ভাল।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close