অসম

অনুপ শীলৰ নতুন গীতৰ শুভমুক্তি

মনোজ মজুমদাৰ, লংকা

শাৰদীয় দূৰ্গা পূজা লৈ মাজত এটা পষেক বাকী থকা অৱস্থাত লংকাৰ এজন যুৱকে কণ্ঠদান কৰা এটা বিশেষ গীতে বৰ্তমান অত্যাধিক মাত্ৰাত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।শাৰদীয়‌ দূৰ্গাপূজাৰ ওপৰত‌ ভিত্তি কৰি প্ৰস্তুত কৰি উলিওৱা পূজা বিশেষ গীতটো শুভমুক্তিৰ পিছতেই চছিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ।লংকাৰ ৭ নং ৱাৰ্ডৰ নিবাসী অনুপ শীল নামৰ এই যুৱক জনে কণ্ঠদান কৰিছে এই গীতটো।উল্লেখ্য যে,ইয়াৰ পূৰ্বেও যুৱকজনে নিজা কথা আৰু সুৰ দি কণ্ঠদান কৰি মুক্তি দিছে বহু গীত ।কিন্তু,উপযুক্ত মঞ্চৰ অভাৱ তথা প্ৰচাৰ আৰু প্ৰসাৰ লাভ নকৰাত প্ৰচাৰ বিমুখ হৈ থাকিব লগা হৈছে যুৱ শিল্পী গৰাকী ।কিন্তু,শেহতীয়াকৈ দূৰ্গোৎসৱক কেন্দ্ৰ কৰি প্ৰস্তুত কৰি ইতিমধ্যে মু্ক্তি দিয়া পূজা বিশেষ গীতটো চছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই সকলোৱে আদৰি লৈছে গীতটো ।গীতটোত কণ্ঠদান কৰা যুৱ শিল্পী অনুপ শীলো এই ক্ষেত্ৰত ৰাইজে গীতটো আকোৱালি লব বুলি যথেষ্ট‌ আশাবাদী ।তদুপৰি,আগন্তুক দিনবোৰত ন ন গীত‌ সৃষ্টিৰে সংগীতৰ এই ধাৰা অৱ্যাহত‌ ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ‌ কৰি সকলো সংগীত‌ প্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিলে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close