প্ৰযুক্তি

অনলাইনৰ বিজ্ঞাপনৰ পৰা আঁতৰি থাকিবলৈ হ’লে…

আপুনি অনলাইনত প্ৰৱেশ কৰাৰ লগে লগেই দেখা পাব চাৰিওদিশে কেৱল বিজ্ঞাপনৰ বন্যা। সেইটো অনেক সময়ত বিৰক্তিকৰ পৰ্যায়লৈ লৈ যায়। এই বিৰক্তিৰ পৰা আঁতৰি থাকিবলৈ হ’লে অনুসৰণ কৰক তলত দিয়া কিছু সাধাৰণ কৌশলৰ—

আপোনাৰ ইতিহাস ডিলিট কৰক, কুকিজ বন্ধ কৰক

আপুনি কোন কোন ছাইট ভিজিট কৰিছে, কোন কোন লিংক ক্লিক কৰিছে তাৰ ইতিহাস ডিলিট কৰক। আপোনাৰ ৱেব ব্রাউজাৰৰ হিষ্ট্রি, কুকিজবোৰ চাফা কৰক |

বিজ্ঞাপনৰ পৰা অপ্ট আউট বা বাহিৰলৈ আহক।

আপোনাৰ নিয়মিত ছাৰ্চ, ভিজিট অনুসৰণ কৰি কোম্পানীবোৰে আপোনাৰ আগ্রহ বা পছন্দৰ বিষয়ে ধৰা পেলায়। তাৰ পাছত সেই বিষয়ৰ বিজ্ঞাপন দি আপোনাক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে। তেতিয়া আপুনি অপ্ট আউট কুকিজ অপচনৰ মাধ্যমেৰে বাহিৰলৈ আহিব পাৰে।

ছদ্মবেশ ধাৰণ কৰক

আপুনি ছাৰ্চ ইঞ্জিনবোৰত ছদ্মবেশেৰে ছাৰ্চ কৰিব পাৰে। আপোনাক তেতিয়া মার্কেটিং এজেন্সিবোৰে ধৰিব নোৱাৰে। আপুনি আপোনাৰ কম্পিউটাৰৰ হিষ্টিবোৰ ডিলিট কৰাৰ ব্যৱস্থা ৰাখক। কুকিজ প্রতিৰোধ কৰি এই বিৰম্বনাৰ পৰা আঁতৰিব পাৰিব।

আপুনি এনেদৰে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে যে আপোনাক ইণ্টাৰনেটত আছে নে নাই ধৰা পেলাব নোৱাৰে। সকলোবোৰ ছাৰ্চ ইঞ্জিনতে নিজকে আঁতৰাই ছাৰ্চ কৰাৰ ব্যৱস্থা আছে। যেনে ফায়াৰফস্কত আছে মাস্ক’, গুগল ক্ৰমত আছে “লিটল স্পাই, এজ এত আছে ইনপ্রাইভেট”।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close