বিজ্ঞানবিশেষশীৰ্ষসৃজন

অদৃশ্য হােৱা পােছাক আৱিষ্কাৰ

দীর্ঘদিন ধৰি মানুহে মনত অদৃশ্য হােৱাৰ সপােন পুহি ৰাখিছে। আৰু এইবাৰ সেই অবাস্তৱ কথাষাৰে বাস্তৱ ৰূপ পালে। বৈজ্ঞানিকসকলে দীর্ঘ সময় ধৰি এই বিষয়টোক লৈ গৱেষণা অব্যাহত ৰাখিছিল। গৱেষণাকালত মাজে সময়ে সফলতাৰ দিশ উন্মােচন হয় যদিও সেয়া স্থায়ী হিচাপে স্বীকৃতি প্রদান কৰা হােৱা নাছিল। কিন্তু বর্তমান যে এই ক্ষেত্ৰত পুনৰ এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বৈজ্ঞানিকৰ দলটোৱে। কানাডাৰ এদল বৈজ্ঞানিকৰ যুটীয়া প্ৰচেষ্টাত এই সফলতা লাভ কৰিছে। এযােৰ বিশেষ পােছাক আৱিষ্কাৰ কৰি উলিয়াইছে কানাডাৰ বিজ্ঞানী হােচ তথা গৱেষকৰ দলটোৱে। এই সন্দৰ্ভত বৈজ্ঞানিকজনে মন্তব্য আগবঢ়ায় কয় যে, আমি কোনাে বস্তু লক্ষ্য কৰাে গাত পৰা পােহৰৰ প্রতিফলনৰ মাধ্যমেৰে। বৈজ্ঞানিকৰ দলটোৱে এই বিষয়টোৰ ওপৰতে সমীক্ষা আগবঢ়াইছিল। কোনাে বস্তুৰ পৰা প্রতিফলিত হৈ কোনাে পােহৰ উভতি নাহি অথচ ভেদ কৰি পর্যবেক্ষিত হয়। সেয়ে কোনাে আচ্ছাদন তৈয়াৰ কৰিবলৈ বৈজ্ঞানিক দলটোৱে উঠি পৰি লাগিছিল। কোনাে ত্রিমাত্রিক বস্তুৰ ওপৰত চাপ প্রদান কৰিব পাৰিলেই তেওঁলােকৰ মূল উদ্দেশ্যই এক সঠিক সিদ্ধান্তত উপনীত হ’ব পাৰিব। আন এক সমীক্ষাত প্রমাণিত হৈছে যে, এক উজ্জ্বল ৰঙৰ বস্তুক অদৃশ্য কৰিবলৈ হ’লে সেই আচ্ছাদনৰে পােহৰক প্ৰথম অৱস্থাত নীলা ৰঙলৈ পৰিণত কৰিব। যাতে সেই বস্তুক সেই পােহৰে ভেদ কৰিবলৈ সক্ষম হয়। তেনে কৰিলে সেই ৰঙে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব। সেয়ে বৈজ্ঞানিকৰ দলটোৱে ফাইবাৰ অপটিক লাইনৰ জৰিয়তে ডাটা ট্রেন্সমিছনাে কৰিছে। বৈজ্ঞানিকৰ দলটোৰ মূল উদ্দেশ্যই হৈছে পােহৰক বস্তুৰ মাজ অংশৰে প্রতিফলিত কৰা। এই গৱেষণাত তেওঁলােক বর্তমান প্রায় সফল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বর্তমান মানুহ অদৃশ্য হােৱা পােছাকযােৰ প্রাৰম্ভিক পর্যায়ৰ পৰীক্ষাত পৰীক্ষামূলকভাৱে ৰখা হৈছে। আগন্তুক সময়ত যদি এই পােছাকে পূর্ণ সফলতা লাভ কৰে তেন্তে ইমানদিনে মানুহে মনত পুহি ৰখা সপােনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close