অসমভাল খবৰশীৰ্ষ

অতিশীঘ্ৰে মুকলি হ’ব মালী- বমজিৰ দলং

এক ঐতিহাসিক ক্ষণৰ সাক্ষী উত্তৰ-পূৱ বাসী

ধেমাজিৰপৰা কংকণজ্যোতি ভূঞা,ভাল খবৰ: বহু প্ৰত্যাশাৰ অন্তত সম্পূৰ্ণ হৈ উঠিছে ভাৰত চীন সীমান্তৰ সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওপানী ইজি আৰু দিবাং নদীৰ ওপৰত ৰয়িং আৰু দাম্বুক সংযোগী মালী- বমজিৰ দলং। অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ মুঠ ১২৬ টা খুটাৰে ৬.২ কি :মি দৈঘ্যৰ এই দলংখন নিৰ্মাণ কৰিছে হাইদৰাবাদৰ নৱযুগ ইঞ্জিনীয়াৰিং নামৰ ধলা-শদিয়া সংযোগী দলং নিৰ্মাণ কৰা কোম্পানীটোৱে।

দেশৰ ভিতৰতে দ্বিতীয়খন দীৰ্ঘতম দলং হিচাপে পৰিগণিত হোৱা ৬.২ কি : মি দীঘল এই দলংখন ধলা শদিয়া সংযোগী দীঘল দলংখনৰ পৰা মাত্ৰ ৫০ কি: মি নিলগত। এই দলংখন বতৰ্মান লৈকে আনুষ্ঠানিকভাৱে মুকলি হোৱা নাই যদিও ৰয়িং জিলা প্ৰশাসনে ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰি দিছে।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ মাজেৰে বাইহাটা চাৰিআলিৰ পৰা ৰূপাই চাইডিং লৈকে সংযোগী পুৰণি ৫২ নং ৰাষ্ট্ৰীয় পথটো নতুন নামকৰণ কৰি ১৩ নং ৰাষ্ট্ৰীয় পথ কৰা এই পথটো এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই।

স্মৰ্তব্য যে, এই দলংখন আৰু ধলা-শদিয়া সংযোগী দলংখন নিৰ্মাণৰ আঁৰত বিশেষকৈ সীমান্ত নিৰাপত্তাৰ লগতে দলংখনৰ পৰা কিছু দূৰৈত নিৰ্মাণ হৈ থকা ৩০০০ মেগা বৃহৎ দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পলৈ যন্ত্ৰ পাতি কঢ়িওৱাৰ সুবিধাৰ লগতে দিবাং ভেলী পাহাৰ সমূহত মজুত থকা ইউৰেনিয়ামৰ বৃহৎ ভাণ্ডাৰৰ বাবেও অতি খৰকতীয়াকৈ দেশৰ ভিতৰতে প্রথম আৰু দ্বিতীয় দীঘল দলং দুখন কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close