আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

অংকশাস্ত্ৰত ন’বেল লাংলাণ্ডছ

অংকশাস্ত্র,বিজ্ঞানৰ এটা এৰাব নােৱাৰা অংশ। এই অংকশাস্ত্ৰৰ এজন বিখ্যাত অংকশাস্ত্রবিদ হৈছে ৰবাৰ্ট পি লাংলাণ্ডছ। শেহতীয়াভাৱে তেওঁ গণিতৰ তিনিটা শাখাক এক সূত্রত বান্ধি চর্তিত হৈছে। যাৰবাবে তেওঁ লাভ কৰিছে গণিতৰ ন’বেল আবেল বঁটা। নৰৱেৰ একাডেমী অৱ ছায়েন্স এণ্ড লেটাছে তেওঁক প্রদান কৰিছে এই বিশেষ বঁটা। নৰৱেত যাৰ মূল্য হৈছে প্রায় ৬ লাখ ক্রোনাৰ। গণিতৰ তিনিটা শাখা বীজগণিত (এলজেবৰা), সংখ্যাতত্ব (নম্বৰ থিয়ৰী) আৰু বিশ্লেষণ (এনালাইচিছ)ক লাংলাণ্ডছে এটা সূত্রত বান্ধি অনা এটা অভিনৱ তত্ত্ব উদ্ভাৱন কৰিছে। যাৰ নাম দিছে ‘গ্লেণ্ড ইউনিফিকেচন থিয়ৰী অথবা সংক্ষেপে ‘জিইিউটি’। নিউ জাৰ্ছিৰ প্রিন্সটন ইনষ্টিটিউট ফৰ এজভানন্সড ষ্টাডি’ৰ স্কুল অৱ মেথামেটিকটছ এমেৰিটাছ অধ্যাপক লাংলাণ্ডছৰ এই তত্ত্বৰ নাম হৈছে। লাংলাণ্ডছ প্রগ্রেম। অংকশাস্ত্রবিদগৰাকীৰ এই প্রগ্রেম গণিতশাস্ত্ৰ আৰু তাত্ত্বিক পদার্থবিদ্যাক এক সূত্ৰেৰে যুক্ত কৰিব বুলি জনাইছে পুৰষ্কাৰ কমিটীয়ে। ১৯৬৭ চনত লাংলাণ্ডছে এই বিষয়ক প্রথম প্রগ্ৰেমৰ উপস্থাপনা কৰিছিল। কোনাে গৱেষণাপত্ৰত নহয়, বন্ধু তথা বিখ্যাত গণিতশাস্ত্রবিদ আদ্রে ভেইলক দিয়া ১৭ পৃষ্ঠাৰ চিঠিতহে এই প্ৰগ্ৰেমৰ কথা লিখিছল লাংলাণ্ডছে। সেই চিঠিত লিখা আছিল এইদৰে গণিতৰ তিনিটা শাখাৰ মাজত সংযােগ খুবেই জৰুৰী। কাৰণ তাত কেবল কোনাে এটা শাখাদ্বাৰা জটিলতা আঁতৰােৱা সম্ভৱ নহয় যিহেতু, অন্য এটা শাখাৰদ্বাৰা তাৰ সমাধান খুব সহজে হৈছে। এই তিনিটা শাখা হ’ল নাম্ফাৰ থিয়ৰী, আলজেব্রিক জিঅ’মেট্ৰি আৰু অটোমৰফিক ফর্মছৰ তত্ত্ব। বন্ধু লাংলাণ্ডছৰ চিঠিখন পঢ়ি আদ্রে তেওঁক বিভিন্ন পৰামর্শ দিছিল। ৰাতিপুৱাই চিঠিখন।টাইপ কৰি বিশ্বৰ বিভিন্ন প্রান্তৰ গণিতশাস্ত্রবিদসকলক পঠিয়াইছিল। তাৰপিছত প্ৰায় চাৰি দশক জুৰি তাৰ ওপৰত বাক-বিতণ্ডাও চলিছিল। আবেল পুৰষ্কাৰ গণিতশাস্ত্ৰৰ ন’বলে পুৰষ্কাৰ হিচাপে জনাজাত। আবেল পুৰষ্কাৰৰ পূর্বে গণিতশাস্ত্ৰত জনপ্রিয় আছিল ফিল্ডছ মেডেল। কিন্তু কেবলমাত্র ৪০ বছৰ অথবা তাতকৈ কম বয়সৰ ক্ষেত্ৰতহে এই পুৰষ্কাৰ প্রযােজ্য আছিল। আবেল পুৰষ্কাৰৰ ক্ষেত্ৰত তেনেধৰণৰ বাধ্যবাধকতা নাই বাবেই ই হয়তাে নবেল পুৰষ্কাৰ হিচাপে জনাজাত।২০০৩ চনৰপৰা গণিতশাস্ত্ৰত সমগ্র জীৱনভিত্তিক অৱদানৰ বাবে নৰৱেৰ বিশিষ্ট গণিতশাস্ত্রবিদ নিলছ হেনড্রিক আবেলিৰ নামেৰে এই পুৰস্কাৰ আগবঢ়োৱা হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close